কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত কেন্দ্রীয় বাজেট প্রস্তুতি প্ৰক্ৰিয়াৰ অন্তিম পৰ্যায়ৰূপে জনাজাত হল্ৱা সমাৰোহত অংশগ্ৰহণ কৰিব। পৰম্পৰা অনুযায়ী বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, মন্ত্ৰালয়ৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকল এই সমাৰোহত উপস্থিত থাকিব। পহিলা ফেব্ৰুৱাৰীত সংসদত কেন্দ্ৰীয় বাজেট উত্থাপন কৰা হ’ব। পৰম্পৰা অনুযায়ী হল্ৱা সমাৰোহৰ পাছত বিত্ত মন্ত্ৰালয়ৰ কোনো বিষয়াই মন্ত্ৰ্যালয় চৌহদ ত্যাগ কৰিব নোৱাৰে। সংসদত বাজেট উত্থাপন কৰাৰ পাছতহে বাজেট দলৰ সদস্যসকলে মন্ত্ৰালয় ত্যাগ কৰিব পাৰিব।
Assamese | January 24, 2025 4:47 PM | Finance Minister | Nirmala Sitharaman
দিল্লীত কেন্দ্রীয় বাজেট প্রস্তুতি প্ৰক্ৰিয়াৰ অন্তিম পৰ্যায়ৰূপে জনাজাত হল্ৱা সমাৰোহত বিত্তমন্ত্রী সীতাৰমনে অংশগ্ৰহণ কৰিব