সমাগত গকুলাষ্টমীৰ সময়ত দহি-হাণ্ডি উৎসৱত ভাগ লোৱা এক লাখ ৫০ হাজাৰ গোবিন্দৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে বীমাৰ ব্যৱস্থা ঘোষণা কৰিছে। এই লোকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে অৰিয়েণ্টেল বীমা কোম্পানীৰ জৰিয়তে ৭৫ টকা হাৰত অংশগ্ৰহণকাৰীৰ বাবে বীমাৰ ব্যৱস্থা কৰা হৈছে। দহি-হাণ্ডি উৎসৱৰ সময়ত মানৱ পিৰামিড নির্মাণৰ সময়ত অংশগ্ৰহণকাৰীসকলৰ আঘাতৰ প্ৰতি লক্ষ্য ৰাখি এই বীমাৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰে ক্ৰীড়া উন্নয়ন পুঁজিৰ পৰা এই উদ্দেশ্যে এক কোটি ১২ লাখ টকাৰ অনুমোদন দিব।
Assamese | August 2, 2025 12:30 PM | Dahi-Handi Festival
দহি-হাণ্ডি উৎসৱত ভাগ লোৱা ১,৫০,০০০ গোবিন্দৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ বীমাৰ ব্যৱস্থা ঘোষণা