দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে ভাৰতীয় উচ্চায়ুক্তৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্রই ১০ দিনীয়া যোগ মহোৎসৱৰ আয়োজন কৰিছে। শনিবাৰে ৰাতিপুৱা কলম্বো টাউন হলত পৰিয়ালৰ বাবে যোগ যোগ শীর্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটোত ভাৰতীয় সংস্থা সদগামায়া ফাউণ্ডেচন আৰু গংগাৰামায়া মন্দিৰেও সহযোগিতা আগবঢ়াইছিল। যোগ দিৱসৰ লগত সংগতি ৰাখি দেশখনত ২২ জুনলৈকে কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হ’ব।
Assamese | June 15, 2024 2:32 PM | International Day of Yoga | Yoga | Yoga Day
দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্রৰ ১০ দিনীয়া যোগ মহোৎসৱৰ আয়োজন