August 9, 2026 12:11 PM | Thailand incident

printer

থাইলেণ্ডৰ ননথাবুৰী প্ৰদেশৰ এখন বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক মৃত্যু হোৱা লোকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে

থাইলেণ্ডৰ ননথাবুৰী প্ৰদেশত শুকুৰবাৰে এখন বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক মৃত্যু হোৱা লোকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে বুলি আজি চৰকাৰী কর্তৃপক্ষই প্ৰকাশ কৰিছে। জনস্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতি দি প্রদেশখনৰ জনসংযোগ বিভাগে ফেচবুক পোষ্টত জনোৱা মতে, গুলীচালনাৰ ফলত ৯ জন লোকৰ মৃত্যু হৈছে আৰু ১৪ জন লোক এতিয়াও চিকিৎসালয়ত ভর্তি হৈ আছে।

জানিব পৰা মতে, চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছতে এগৰাকী ১২ বছৰীয়া কিশোৰীৰ মৃত্যু হয়। ভুক্তভোগী বিদ্যালয় তথা ঘটনাস্থলী দেৱশিৰিন ননথাবুৰী বিদ্যালয়ে ছ’চিয়েল মিডিয়াত ছাত্ৰজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি থাইলেণ্ড আৰক্ষীয়ে আজি বিদ্যালয়খনৰ পৰা কেইবাজনো ছাত্র-ছাত্রী আৰু শিক্ষকক মাতি আনি ১৪ বছৰীয়া বন্দুকধাৰীজনৰ উদ্দেশ্য আৰু প্ৰাণঘাটী সামগ্ৰীৰ উৎসৰ তদন্ত কৰে।
থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী অনুটিন চার্নভিৰাকুলে কয় যে ৰাজহুৱা স্থানত আগ্নেয়াস্ত্র কঢ়িয়াই নিয়াত বাধা প্ৰদান কৰা আইন প্ৰৱৰ্তনৰ পৰিকল্পনা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।