নতুন দিল্লীত আজি ত্ৰিপুৰা চৰকাৰ, নেচনেল লিবাৰেচন ফ্ৰণ্ট অব্ ত্ৰিপুৰা, এন এল এফ টি আৰু অল ত্ৰিপুৰা টাইগাৰ ফ’ৰ্চ – এ টি টি এফৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। চুক্তি স্বাক্ষৰৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, ত্ৰিপুৰাৰ মুখ্যমন্ত্রী মাণিক সাহা, গৃহ মন্ত্ৰ্যালয় আৰু ত্ৰিপুৰা চৰকাৰৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে । অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এন এল এফ টি আৰু এ টি টি এফৰ দৰে সংগঠনে অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ ঘূৰি অহাৰ লগতে ৰাজ্যখনৰ উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হোৱাটো আনন্দৰ বিষয় বুলি মন্তব্য কৰে। তেওঁ কয় যে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰেপৰা উত্তৰ-পূৰ্বাঞ্চলক শান্তি আৰু আলোচনাৰ মাধ্যমেৰে দেশৰ সন্মুখত বিকশিত অঞ্চলৰূপে গঢ়ি তুলিছে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবত শান্তি প্ৰতিষ্ঠাৰ বাবে ১২ খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিছে আৰু ইয়াৰ তিনিখন ত্ৰিপুৰাৰ সৈতে জড়িত বুলি তেওঁ মন্তব্য কৰে।
Assamese | September 4, 2024 7:20 PM | MoU
ত্ৰিপুৰা চৰকাৰ, এন এল এফ টি আৰুএ টি টি এফৰ মাজত চুক্তি স্বাক্ষৰ