ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি আলজেৰিয়া, ম’ৰিটেনিয়া আৰু ম’লাৱিৰ ত্ৰিদেশীয় ভ্রমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ’ব। ভাৰতৰ অধ্যক্ষতাৰ সময়ত আফ্ৰিকীয় সংঘক জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্টীত স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ এবছৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে দেশ তিনিখন ভ্ৰমণ কৰিব। ভ্রমণ কালত ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাখন দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব আৰু প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব।
Assamese | October 13, 2024 11:30 AM | Prez
ত্ৰিদেশীয় ভ্রমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু স্বদেশৰ পৰা ৰাওনা