ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্রাসবাদকে ধৰি সকলো প্ৰকাৰৰ সন্ত্রাসবাদৰ তীব্ৰ বিৰোধিতা কৰে। ভার্চুৱেল মাধ্যমেৰে যোৱা বুধবাৰে বহুৰাষ্ট্ৰীয় অপৰাধ সন্দৰ্ভত অনুষ্ঠিত ত্রয়োদশ আছিয়ান-ভাৰতৰ জ্যেষ্ঠ বিষয়াসকলৰ বৈঠকত সন্ত্রাসবাদৰ বিৰুদ্ধে এই স্থিতি প্রকাশ কৰে। দুয়ো পক্ষই যোৱা বৰ্ষৰ ২২ এপ্রিলত পেহেলগামত আৰু ১০ নৱেম্বৰত লালকিল্লাৰ সমীপত হোৱা বৰ্বৰ আক্ৰমনক গৰিহনা দিয়ে। সন্ত্রাসবাদ আৰু বহুৰাষ্ট্ৰীয় অপৰাধ মষিমূৰ কৰাৰ উদ্দেশ্যে সর্বাত্মক দৃষ্টিভংগীৰে আন্ত:ৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ বাবে দুয়োপক্ষই বিবৃত্তি প্রকাশ কৰা বুলি বৈদৈশিক পৰিক্ৰমা ম্যালয়ে প্রকাশ কৰে।
Assamese | June 20, 2026 12:18 PM | Asian-India Meet
ত্রয়োদশ আছিয়ান-ভাৰতৰ জ্যেষ্ঠ বিষয়াসকলৰ বৈঠকত সন্ত্রাসবাদ সন্দৰ্ভত আলোচনা