April 29, 2025 7:54 PM | PM Congrasulations

printer

ত্রিনিদাদ আৰু টবেগৰ নিৰ্বাচনত জয়লাভ কৰা কমলা প্ৰসাদ বিচেচৰক প্রধানমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্রিনিদাদ আৰু টবেগৰ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে কমলা প্ৰসাদ বিচেচৰক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে কয়, যে ত্রিনিদাদ আৰু ট’বেগ’ৰ সৈতে থকা ঐতিহাসিক সম্পর্কক লৈ ভাৰতে সদায় গৌৰৱ অনুভৱ কৰে। শ্ৰীমোদীয়ে কয়, যে ত্রিনিদাদ আৰু ট’বেগ’ৰ সৈতে সম্পর্ক অধিক শক্তিশালী কৰাৰ লগতে ইয়াৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে শ্রীবিচেচৰৰ সৈতে কাম কৰি যাবলৈ তেওঁ সদায় আগ্রহী।