Tতৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ জৱাহৰ সৰকাৰে সাংসদ পদ আৰু ৰাজনীতি ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ এই সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। মুকলি পত্ৰত সংসদৰ সেৱা আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্রী মমতা বেনাৰ্জীক ধন্যবাদ জ্ঞাপন কৰি শ্ৰীসৰকাৰে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ ক্ষোভ প্রকাশ কৰিছে। শ্ৰীসৰকাৰে কৈছে যে, দলৰ দুৰ্নীতি আৰু একাংশ নেতাৰ মইমতালিৰ বাবে দলৰ প্ৰতি তেওঁৰ মোহ ভংগ হৈছে। আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ঘটনা উল্লেখ কৰি তেওঁ কয় যে, বিষয়টোক লৈ জনসাধাৰণৰ ক্ষোভ স্বতস্ফূত, ব্যাপক আৰু অৰাজনৈতিক বুলি তেওঁ বিশ্বাস কৰে। প্ৰতিবাদকাৰীসকলে অভয়াৰ হ’কে ন্যায় বিচাৰে বুলিও তেওঁ মন্তব্য কৰে। পত্ৰখনত শ্ৰীসৰকাৰে কয় যে, ৰাজ্য চৰকাৰে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ঘটনাৰ সৈতে জড়িত অপৰাধীসকলক ন্যায়ৰ কাঠগড়ালৈ অনাৰ বাবে পৰ্যাপ্ত আৰু দ্ৰুত পদক্ষেপ লোৱাত ব্যৰ্থ হৈছে।
Assamese | September 8, 2024 7:16 PM | Trinamool Congress
তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ জৱাহৰ সৰকাৰৰ সাংসদ পদ আৰু ৰাজনীতি ত্যাগৰ সিদ্ধান্ত