July 16, 2026 8:20 PM | TMC Member

printer

তৃণমূল কংগ্ৰেছৰ আন এগৰাকী ৰাজ্য সভাৰ সাংসদৰ পদত্যাগ

তৃণমূল কংগ্ৰেছৰ আন এগৰাকী ৰাজ্য সভাৰ সাংসদ কোয়েল মালিকে আজি পদত্যাগ কৰে। উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্য সভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰি সাংসদগৰাকীয়ে পদত্যাগ পত্র দাখিল কৰে। উল্লেখযোগ্য যে, কোয়েল মালিক চলিত বৰ্ষৰ এপ্রিল মাহত ৰাজ্যসভাৰ সাংসদ হিচাপে নির্বাচিত হৈছিল। তেওঁ ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা তৃণমূল কংগ্ৰেছৰ চতুৰ্থগৰাকী সাংসদ। ইয়াৰ পূৰ্বে ৰাজ্যসভাৰ তিনিগৰাকী সাংসদ ক্রমে, সুখেন্দু শেখৰ ৰয়, সুস্মিতা দেৱ আৰু প্ৰকাশ ছিক বাৰাইকে পদত্যাগ কৰে। পাছত তেওঁলোকে বিজেপিত যোগদান কৰে।