June 23, 2024 11:34 AM | Nirmala Sitharaman

printer

তীখা, লো আৰু এলুমিনিয়ামেৰে নিৰ্মিত গাখীৰৰ সৰু পাত্ৰৰ ওপৰত ১২ শতাংশৰ সমহাৰৰ কৰ আৰোপৰ পৰামৰ্শ সামগ্ৰী আৰু সেৱাকৰ পৰিষদৰ

সামগ্ৰী আৰু সেৱাকৰ পৰিষদে তীখা, লো আৰু এলুমিনিয়ামেৰে নিৰ্মিত গাখীৰৰ সৰু পাত্ৰৰ ওপৰত ১২ শতাংশৰ সমহাৰৰ কৰ আৰোপ কৰাৰ পৰামৰ্শ আগবঢ়াইছে। নতুন দিল্লীত অনুষ্ঠিত সামগ্ৰী আৰু সেৱাকৰ পৰিষদৰ ৫৩ সংখ্যক বৈঠকৰ অন্তত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰী নির্মলা সীতাৰমনে লগতে ভাৰতীয় ৰে’ল বিভাগে যাত্ৰীসকললৈ আগবঢ়োৱা প্লেটফৰ্ম টিকটৰ বিক্ৰী, জিৰণি কোঠা আৰু বেটাৰী চালিত সেৱাৰ লেখীয়া সুবিধাসমূহ জি এছ টি কৰৰ আওতাৰ বাহিৰত থাকিব বুলি ঘোষণা কৰে। তেওঁ কয় যে, জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ আপেল খেতিয়কসকলক উপকৃত কৰাৰ উদ্দেশ্যে পৰিষদে সকলো ধৰণৰ কাৰ্টন আৰু ভাঁজ খোৱা আৰু ভাঁজ নোখোৱা দুয়োধৰণৰ পেপাৰ বোৰ্ডৰ বাকচৰ ওপৰত আৰোপিত জি এছ টি হাৰ ১২ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্রীমতী সীতাৰমনে কয় যে, সৰ্বভাৰতীয় পৰ্যায়ত বায়’মেট্রিক আধাৰিত আধাৰ প্ৰমাণিকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব। ইয়াৰ ফলত ভুৱা চালানৰ জৰিয়তে উত্থাপন কৰা ভুৱা ইনপুট টেক্স ক্রেডিটৰ দাবীৰ সমস্যা সমাধান কৰিব পৰা যাব। মন্ত্ৰীগৰাকীয়ে কয় যে, ক্ষুদ্ৰ কৰদাতাসকলক সহায় কৰাৰ উদ্দেশ্যে পৰিষদে জি এছ টি আৰ ৪ প্ৰ-পত্ৰ যোগে বিৱৰণ আৰু ৰিটাৰ্ন দাখিল কৰাৰ সময়সীমা ৩০ এপ্ৰিলৰ পৰা ৩০ জুনলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়াইছে। জি এছ টি পৰিষদে ভুৱা বিল, তথ্য লুকুৱা অথবা ভুল বিৱৰণৰ লেখীয়া বিষয় জড়িত হৈ নথকা ঘটনাসহ সামগ্ৰী আৰু সেৱাকৰ আইনৰ ৭৩ নম্বৰ ধাৰাৰ অধীনত জাৰী কৰা ডিমাণ্ড নটিছৰ ক্ষেত্ৰত সুদ আৰু জৰিমণা মাফ কৰাৰ পৰামৰ্শ আগবঢ়াইছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, ৭৩ নম্বৰ ধাৰাৰ অধীনত ২০১৭–১৮, ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ বাবে জাৰী কৰা সকলো জাননীৰ বাবে পৰিষদে ডিমাণ্ড নটিছৰ ক্ষেত্ৰত সুদ আৰু জৰিমণা মাফ কৰাৰ পৰামৰ্শ আগবঢ়াইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।