কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল ছিংগাপুৰ চৰকাৰৰ আমন্ত্রণমর্মে তিনিদিনীয়া ভ্রমণসূচীৰে ছিংগাপুৰত উপস্থিত হৈছে। দেশখনৰ উচ্চ আয়োগে আজি মন্ত্ৰীগৰাকীক আদৰণি জনায়। শ্রীসোণোৱালে আই এন এ স্মাৰকত নেতাজী সুভাষ চন্দ্ৰ বসু আৰু অজ্ঞাত সৈনিকসকলৰ প্রতি সশ্রদ্ধ প্ৰণিপাত জ্ঞাপন কৰে। এই সন্দৰ্ভত দিয়া এটা বাৰ্তাত তেওঁ কয় যে স্বাধীনতাৰ হকে এইসকল বীৰ সেনানীৰ অতুলনীয় ত্যাগ, সাহস, নির্ভিক সংকল্প আৰু স্বদেশপ্রেমে দেশৰ প্রতিটো প্ৰজন্মকে অনুপ্রাণিত কৰি আহিছে। উল্লেখযোগ্য যে মন্ত্রীগৰাকীয়ে এই ভ্ৰমণ কালত সামুদ্রিক ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বৃদ্ধি, বন্দৰ উন্নয়ন, জাহাজ মেৰামতি খণ্ডৰ ৰূপান্তৰ তথা জনপথ আৰু সামুদ্রিক খণ্ডৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূর্ণ বিষয়ত আলোচনাত মিলিত হ’ব। এই আলোচনাই ভাৰত আৰু ছিংগাপুৰৰ মাজৰ সামুদ্রিক তথা বাণিজ্যিক সম্পর্কক নতুন গতি দিব বুলি আশা কৰা হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে ছিংগাপুৰৰ প্ৰবাসী অসমীয়া সমাজৰ সৈতেও মত বিনিময় অনুষ্ঠানত মিলিত হ’ব৷ তদুপৰি সামুদ্রিক খণ্ডত নতুন সুযোগ-সম্ভাৱনা মুকলি কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে দেশখনৰ সামুদ্রিক খণ্ডৰ ভালেসংখ্যক শীর্ষ নেতাক সাক্ষাৎ কৰিব। তেওঁ ছিংগাপুৰৰ কেইবাগৰাকীও জ্যেষ্ঠ মন্ত্ৰীৰ সৈতে মিলিত হ’ব।
Assamese | March 23, 2025 7:26 PM | Sarbanada Sonowal at Singapure
তিনিদিনীয়া ভ্রমণসূচীৰে ছিংগাপুৰত উপস্থিত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল