তিনিচুকীয়া জিলাৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ আই কিউ এ চিৰ উদ্যোগত আজি অর্গেনিক পদ্ধতিৰে কিদৰে খেতি কৰিব পাৰি সেই সন্দৰ্ভত এলানি সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তিনিচুকীয়া নগৰৰ দেওবৰীয়া বজাৰত এই সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চৈতন্য বৰাই সদৰি কৰিছে। মহাবিদ্যালয়খনত অৰ্গেনিক পদ্ধতিৰে কৰা খেতিৰ দ্বাৰা উৎপাদিত শাক-পাচলি সামগ্রী বিক্ৰিৰো ব্যৱস্থা থাকিব বুলি আমাৰ তিনিচুকীয়াৰ সংবাদদাতাই জনাইছে।
Assamese | January 5, 2025 11:25 AM | Tinsukia District
তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ আই কিউ এ চিৰ উদ্যোগত অর্গেনিক পদ্ধতিৰ খেতি সন্দৰ্ভত সজাগতামূলক কাৰ্যসূচী