সমগ্ৰ শিক্ষা অসমৰ পৃষ্ঠপোষকতাত, অসম বিজ্ঞান প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সৌজন্যত তথা তিনিচুকীয়া জিলা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ উদ্যোগত কালি বিজ্ঞান অনুসন্ধান শিশু সমাৰোহ অনুষ্ঠিত কৰা হয়। মাকুমৰ গংগা বিচন চৌখানি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত তিনিচুকীয়া জিলাৰ ৫টা শিক্ষাখণ্ডৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্রীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ছাত্র-ছাত্রী, তত্বাৱধায়ক শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে সমল ব্যক্তি আৰু মূল্যায়নকাৰী বিষয়াসকলক মানপত্র প্ৰদান কৰাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ সমাৰোহলৈ প্ৰকল্প বাছনি কৰা হয়।
Assamese | February 9, 2025 12:19 PM | Tinsukia National Child Science Congress
তিনিচুকীয়া জিলা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ উদ্যোগত বিজ্ঞান অনুসন্ধান শিশু সমাৰোহ