তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আজি কৰ্দৈগুৰি গাঁও পঞ্চায়ত এলেকাৰ খহনীয়া প্রবণ অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। জিলা আয়ুক্তগৰাকীয়ে খহনীয়াত ক্ষতিগ্ৰস্ত ৮টা পৰিয়ালৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকক পুনৰ সংস্থাপন দিয়া হ’ব বুলি প্রতিশ্রুতি দিয়ে। তেওঁ লগতে ক্ষতিগ্রস্ত পৰিয়ালকেইটাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজহচক্র বিষয়াক নির্দেশ দিয়ে। মথাউৰি মেৰামতি আৰু খহনীয়া ৰোধৰ কাম শীঘ্ৰেই আৰম্ভ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে।
Assamese | April 27, 2025 7:18 PM | Tinsukia District
তিনিচুকীয়া জিলা আয়ুক্তৰ কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ খহনীয়া প্রবণ অঞ্চলসমূহ পৰিদৰ্শন