তিনিচুকীয়া জিলাত যোৱানিশা অহা এজাক ধুমুহাই ফিল’বাৰী অঞ্চলৰ কেইবাখনো গাঁৱৰ লগতে জিলাখনৰ আন কেইবাটাও স্থানত বিস্তৰ ক্ষতি কৰে। ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত গাভৰুভেটি আৰু ফিল’বাৰীৰ গৌৰীপুৰ, ৰংপুৰ, মগমবস্তিকে ধৰি কেইবাখনো গাঁৱত গছ-গছনি, বিদ্যুতৰ খুঁটা আদি উভালি পৰে। ধুমুহাৰ ফলত কেইবাটাও বাসগৃহৰো ক্ষতি হয়। জিলাখনৰ আজাদ ৰোড, কলিয়াপানী, বিছাকুপি, কৰ্দৈগুৰি, বাৰেকুৰিকে ধৰি কেইবাটাও এলেকাত ধুমুহাই ক্ষতি কৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়াৰ বিস্তীর্ণ অঞ্চলত যোৱানিশা ধুমুহাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই আজি অঞ্চলসমূহ পৰিদৰ্শন কৰে। তেওঁ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সদস্যক সাক্ষাৎ কৰি বিভাগীয়ভাৱে তেওঁলোকক সহায় কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে। যোৱা নিশা হোৱা এই ধুমুহাৰ ফলত অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি যোৱাত বিদ্যুৎ যোগানো ব্যাহত হৈছিল।
Assamese | March 18, 2025 8:39 PM | Tinisukia
তিনিচুকীয়াৰ ফিল’বাৰী অঞ্চলত ধুমুহাত কেইবাখনো গাঁৱৰ লগতে জিলাখনৰ ভিন্ন স্থানত বিস্তৰ ক্ষতি