অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈয়ে কালি তিনিচুকীয়াত উপস্থিত হৈ মটক ৰজা সৰ্বানন্দ সিংহ, বীৰ ৰাঘৱ মৰাণক শ্রদ্ধাঞ্জলি নিবেদন কৰে। তাৰপাছতেই সাংসদগৰাকীয়ে গোলাপ চন্দ্ৰ-ৰবি চন্দ্ৰ নাট্য মন্দিৰত অনুষ্ঠিত এখন কংগ্ৰেছৰ যোগদান সভাত অংশগ্ৰহণ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, যে ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি কোনো এটা কামেই কৰিব নোৱাৰিলে বুলি বিজেপি চৰকাৰক সমালোচনা কৰে। তেওঁ কয়, যে জনজাতিকৰণ, চাহ বাগিচাত বিনামূলীয়া বিজুলী যোগান, বিশুদ্ধ খোৱাপানী যোগান আদি বিষয়সমূহ চালেই বর্তমানৰ চৰকাৰখনে কি কাম কৰিছে সেয়া স্পষ্ট হৈ পৰে। উল্লেখযোগ্য যে, গৌৰৱ গগৈৰ উপস্থিতত তিনিচুকীয়াত ৩ শতাধিক লোকে কংগ্ৰেছত যোগদান কৰে। যোগদান সভাৰ পাছতেই সাংসদ গগৈয়ে শদিয়াৰ প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ বাসগৃহলৈ যায়।
Assamese | August 10, 2025 12:16 PM | Gourav Gogoi
তিনিচুকীয়াত মটক ৰজা সৰ্বানন্দ সিংহ, বীৰ ৰাঘৱ মৰাণক সাংসদ গৌৰৱ গগৈৰ শ্রদ্ধাঞ্জলি নিবেদন