ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি শ্ৰীলংকাই ভাৰতক জয়ৰ বাবে ২৪১ ৰাণৰ বিজয়লক্ষ্য বান্ধি দিছে। কলম্বোৰ আৰ প্রেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত টছত জিকি শ্রীলংকাই প্রথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৪০ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে এই বাতৰি লিখাৰ পৰলৈকে ২১ অভাৰত চাৰিটা উইকেট হেৰুৱাই ১৩০ ৰান কৰি খেলি আছে। শৃংখলাৰ প্ৰথমখন খেল ৰোমান্সকভাৱে ড্র’ হোৱাৰ পাছত দুয়োটা দলেই আজিৰ খেলখনত জয়ী হোৱাৰ বাবে আপ্রাণ চেষ্টা চলাইছে।
Assamese | August 4, 2024 8:19 PM | India-Sri Lanka Cricket Series
তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক জয়ৰ বাবে শ্ৰীলংকাৰ ২৪১ ৰাণৰ বিজয়লক্ষ্য নিৰ্ধাৰণ