তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত আজি এছ টি এফে অভিযান চলাই চোৰাং হাতীৰ দাঁতসহ দুজন যুৱকক আটক কৰে। ধৃত যুৱক দুজন হৈছে ভাৰত-ভূটান সীমান্ত বাঙালীপাৰাৰ গৌহম বসুমতাৰী আৰু ডোঙাৰ গাঁৱৰ শ্বদৌম বসুমতাৰী।
আটক কৰা যুৱক দুজনক প্ৰথমে তামুলপুৰ সদৰ আৰক্ষী থানালৈ লৈ অনা হয় আৰু পৰৱৰ্তী সময়ত তদন্তৰ বাবে তামুলপুৰ বন বিভাগৰ জিম্মাত দিয়ে। আটকাধীন যুৱক দুজনৰ পৰা ৪ কিলোগ্ৰাম ওজনৰ দুটা হাতীৰ দাঁত উদ্ধাৰ কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত বন বিভাগে তদন্ত অব্যাহত ৰাখিছে।
Assamese | August 8, 2026 10:06 PM | tamulpur arrest
তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত এছ টি এফৰ অভিযানত চোৰাং হাতীৰ দাঁতসহ দুজন যুৱকক আটক