তামুলপুৰত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে শিক্ষা-সুস্থ সমাজ আৰু উজ্জ্বল ভৱিষ্যতৰ চাবিকাঠি শীর্ষক আলোচনা চক্র শুভাৰম্ভ কৰে

তামুলপুৰ জিলা ৰাভা ছাত্ৰসন্থাৰ উদ্যোগত আৰু নিখিল ৰাভা ছাত্ৰসন্থাৰ সহযোগত আজি তামুলপুৰ মহাবিদ্যালয় প্রেক্ষাগৃহত বিশেষ আলোচনা চক্র অনুষ্ঠিত হয়।

শিক্ষা-সুস্থ সমাজ আৰু উজ্জ্বল ভৱিষ্যতৰ চাবিকাঠি শীর্ষক বিষয়ত আয়োজিত এই অনুষ্ঠানটি ৰাজ্যৰ হস্ততাঁত বস্ত্র, ৰেচম, ক্রীড়া আৰু যুৱকল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে শুভাৰম্ভ কৰে।

অনুষ্ঠানত দিয়া ভাষণত শ্রী দৈমাৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক সময়ৰ সদ্বব্যৱহাৰ কৰিবলৈ আৰু জ্ঞান অৰ্জনৰ বাবে চেষ্টা চলাবলৈ আহ্বান জনায়। এই অনুষ্ঠানতে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮০ শতাংশতকৈও অধিক নম্বৰ লাভ কৰা জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলক সম্ভাষণ জনোৱা হয়।