কেন্দ্ৰীয় চৰকাৰে তামিলনাডুৰ কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ পৰা খোপা আৰু তোতাপুৰী আম ক্ৰয় কৰাৰ বাবে অনুমোদন জনাইছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে জনোৱা অনুসৰি, এই পদক্ষেপৰ জৰিয়তে উৎপাদকসকলে তেওঁলোকৰ সামগ্ৰীৰ উপযুক্ত মূল্য লাভ কৰিব আৰু বজাৰৰ অস্থিৰতাৰ পৰা সুৰক্ষা পাব।
তামিলনাডু চৰকাৰৰ প্ৰস্তাৱৰ ভিত্তিত কেন্দ্রই এই অনুমোদন প্রদান কৰিছে। এই সিদ্ধান্তৰ অধীনত ৰাজ্যখনৰ পৰা ৮৭ হাজাৰ মেট্রিক টনতকৈও অধিক কোপ্রা সংগ্ৰহ কৰা হ’ব। এই সমগ্র ক্রয় প্রক্রিয়া মূল্য সমর্থন আঁচনিৰ অধীনত ন্যূনতম সমর্থন মূল্যত সম্পন্ন হ’ব। অনুমোদন জনোৱা এই খোপ্রা ক্ৰয়ৰ মুঠ মূল্য এহেজাৰ কোটি টকাতকৈও অধিক। ইয়াৰ লগতে, MIS অৰ্থাৎ বজাৰ হস্তক্ষেপ আঁচনিৰ অধীনত চলিত বৰ্ষত তামিলনাডুৰ পৰা ৯৬ হাজাৰ মেট্রিক টনতকৈও অধিক তোতাপুৰী আম ক্ৰয়ৰ বাবেও চৰকাৰে অনুমোদন দিছে আৰু প্ৰতি কুইণ্টলৰ বাবে বজাৰ হস্তক্ষেপ মূল্য ১০০০ টকাতকৈ অধিক ধাৰ্য কৰা হৈছে। এই ব্যৱস্থাৰ মূল লক্ষ্য হৈছে তোতাপুৰী আম খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰা তথা বজাৰত হঠাতে দাম হ্রাস পোৱাৰ ফলত হোৱা লোকচানৰ পৰা হাত সৰাটো সুনিশ্চিত কৰা।
খোপ্ৰা আৰু তোতাপুৰী আমৰ এই বৃহৎ পৰিমাণৰ ক্ৰয়ে তামিলনাডুৰ কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লগতে গ্রামীণ অর্থনীতিক শক্তিশালী কৰিব আৰু কৃষি খণ্ডৰ প্ৰতি আস্থা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।