বিজেপিৰ সভাপতি জে পি নড্ডাই তামিলনাডুৰ কাৰুৰত পদপিষ্টৰ ঘটনাৰ পাছতে সৃষ্টি হোৱা পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ এন ডি এৰ এটা প্ৰতিনিধি দল গঠন কৰিছে। এই ভ্ৰমণৰ সময়ত প্রতিনিধি দলটোৱে ক্ষতিগ্ৰস্ত পৰিয়ালক সাক্ষাৎ কৰি সভাপতিৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। প্ৰতিনিধি দলটোৰ আহ্বায়ক হিচাপে সাংসদ হেমা মালিনীক দায়িত্ব অর্পণ কৰা হৈছে। আনহাতে, কেইবাগৰাকীও সাংসদকো প্ৰতিনিধি দলৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। বিজেপিৰ সভাপতি জে পি নাড্ডাই পদপিষ্টৰ ঘটনাত নিহতসকললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে।
Assamese | September 29, 2025 8:19 PM | NDA delegation to visit Karur
তামিলনাডুৰ কাৰুৰত পদপিষ্টৰ ঘটনাৰ পাছৰ পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ এন ডি এৰ প্ৰতিনিধি দল গঠন