লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ম’হঘূলি চাপৰিৰ মনোমোহা প্রাকৃতিক পৰিৱেশত কাইলৈৰ পৰা তিনিদিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন কৰা হ’ব। কাইলৈ পুৱা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই পতাকা উত্তোলনেৰে বিহু পালনৰ শুভাৰম্ভ কৰিব। দিনৰভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা ম’হধূলি চাপবিলৈ আদৰণি জনোৱা হ’ব। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। দ্বিতীয় দিনা কপৌ ফুল আৰু গছপুলি ৰোপণ, গামোচা প্রতিযোগিতা, পূর্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰেকীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ’ব। বিশিষ্ট কবি-সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ড° কৰবী ডেকা হাজৰিকাই মুখপত্ৰখন উন্মোচন কৰিব। অন্তিম দিনা অর্থাৎ ১১ মে’ত বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা, গছতলৰ মুকলি বিহু প্রতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে প্রকাশ কৰিছে। এই অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্রী, সাংসদ-বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।
Assamese | May 8, 2025 11:23 AM | Fat Bihu
ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত কাইলৈৰ পৰা তিনিদিনীয়াকৈ ফাট বিহু