June 12, 2026 11:45 AM | Purnima Devi

printer

ড° পূর্ণিমা দেৱী বৰ্মনক ২০২৬ বৰ্ষৰ WAY FINDER বঁটাৰ বাবে মনোনীত

হাড়গিলা বাইদেউ হিচাপে পৰিচিত তথা প্ৰকৃতি সংৰক্ষণবিদ ড° পূর্ণিমা দেৱী বৰ্মনক ২০২৬ বৰ্ষৰ WAY FINDER বঁটাৰ বাবে মনোনীত কৰা হৈছে। বিলুপ্তপ্রায় হাড়গিলা চৰাই সংৰক্ষণৰ ক্ষেত্ৰত লোৱা অগ্রণী ভূমিকাৰ স্বীকৃতি স্বৰূপে ড° বর্মনক নেচনেল জিঅ’গ্ৰাফিক ছ’চাইটি আৰু কিয়াই যৌথভাৱে প্ৰদান কৰা এই বঁটাৰ বাবে বাছনি কৰা হৈছে। নেচনেল জিঅ’গ্ৰাফিক ছ’চাইটিয়ে প্ৰকাশ কৰা টোকাত ড° পূর্ণিমা দেৱী বৰ্মনৰ স্বীকৃতিয়ে প্ৰকৃতিৰ প্ৰতি দয়ালু সৰ্বাংগীন আৰু সন্মানীয় সমূহীয়া প্ৰচেষ্টাৰ পৰিৱৰ্তনশীল শক্তি সুদৃঢ় কৰি তুলিছে বুলি উল্লেখ কৰা হৈছে। সমগ্র বিশ্বত জৈৱ বৈচিত্ৰৰ প্ৰতি ক্ৰমান্বয়ে ভাবুকি অহাৰ সময়ত ড° দেৱীয়ে ২০ হাজাৰৰো অধিক মহিলাক লৈ গঠন কৰা হাড়গিলা আর্মীয়ে মানৱ বন্যপ্ৰাণীৰ সহৱস্থানৰ আশাব্যঞ্জক আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰা বুলি টোকাটোত উল্লেখ কৰা হৈছে। অহা দেওবাৰৰ পৰা বৃহস্পতিবাৰলৈ আমেৰিকাৰ ৱাশ্বিংটন ডিচিত হ’বলগীয়া অনুষ্ঠানত ড° পূৰ্ণিমা দেৱী বৰ্মনৰ লগতে অন্য ১৪ গৰাকী লোকক সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা সেৱাৰ বাবে এই বঁটা প্ৰদান কৰা হ’ব।