প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ ডেৰাডুনত ডাৱৰ বিস্ফোৰণ, বৰষুণ আৰু ভূমিস্খনৰ ফলত হোৱা পৰিস্থিতি আৰু ক্ষয়ক্ষতিৰ পৰ্যালোচনা কৰে। পৰিস্থিতিৰ পৰ্যালোচনা কৰি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে উত্তৰাখণ্ডলৈ ১২শ কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে অঞ্চলটোৰ জনসাধাৰণৰ সহায়, সাহায্যৰ বাবে বহুমুখী প্ৰচেষ্টাৰ আহ্বান জনায়। এই প্ৰচেষ্টাৰ অংশ হিচাপে প্ৰধানমন্ত্রী আবাস যোজনাৰ অধীনত বাসগৃহ পুনৰ নিৰ্মাণ, ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ মেৰামতি, বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণ আদি অন্তৰ্ভুক্ত কৰা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্রাকৃতিক দুর্যোগত মৃত্যু হোৱা লোকৰ বাবে দুই লাখ টকাকৈ আৰু গুৰুতৰভাৱে আহত সকললৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰে। শেহতীয়া বান আৰু ভূমিস্খলনৰ ঘটনাত অনাথ হোৱা শিশুসকলৰ কল্যাণৰ দায়িত্ব পি এম কেয়াৰ্ছ আঁচনিৰ অধীনত লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।
Assamese | September 11, 2025 8:23 PM | PM Dehradun
ডেৰাডুনত বৰষুণ আৰু ভূমিস্খনৰ ফলত হোৱা পৰিস্থিতি আৰু ক্ষয়ক্ষতিৰ পৰ্যালোচনা প্রধানমন্ত্ৰীৰ