ডুবাইৰ শ্বেইখ আহমেদ বিন ৰচিদ অল মাকটোমৰ মৃত্যুত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শোক প্রকাশ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শ্বেইখ আহমেদ বিন ৰচিদ অল মাকটোমৰ মৃত্যুত শোক প্রকাশ কৰিছে। শ্বেইখ আহমেদ বিন ৰচিদ অল মাকটোম ডুবাইৰ শাসক শ্বেখ মুহম্মদ বিন ৰচিদ অল মাকটোমৰ ভাতৃ।

সমাজ সেৱাৰে তেওঁ দাঙি ধৰা নিদর্শন অনাগত প্ৰজন্মৰ বাবে আদর্শ বুলি সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে পৰিয়ালৰ লগতে ডুবাইৰ নাগৰিকলৈও সমবেদনা জ্ঞাপন কৰে।