November 4, 2026 11:37 AM | DRDE

printer

ডি আৰ ডি অ’ই প্ৰলয় নামৰ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষামূলক নিক্ষেপ সম্পন্ন

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা,ডি আৰ ডি অ’ই ওড়িশা উপকূলৰ চণ্ডীপুৰৰ ইন্টিগ্রেটেড টেষ্ট ৰেঞ্জৰ পৰা থলুৱা প্ৰযুক্তিৰে নিৰ্মিত প্ৰলয় নামৰ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষামূলক নিক্ষেপ সম্পন্ন কৰিছে। লঞ্চ কমপ্লেক্স-থ্ৰীৰ পৰা কালি এই ক্ষেপণাস্ত্র নিক্ষেপ কৰা হয়। ই প্ৰায় ৫০০ কিলোমিটাৰ দূৰত্বত স্থাপন কৰা দুটা লক্ষ্য সফলতাৰে ভেদ কৰে । এই পৰীক্ষামূলক নিক্ষেপৰ পূৰ্বে কৰ্তৃপক্ষই ওচৰৰ গাঁওসমূহৰ পৰা আঢ়ৈ হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ লৈ গৈছিল। প্ৰলয় ক্ষেপণাস্ত্ৰৰ, যুদ্ধত ব্যৱহৃত বিভিন্ন সামগ্রী কঢ়িয়াই নিয়াৰ লগতে আৰু ৫০০ কিলোমিটাৰ পৰ্যন্ত দূৰত্বৰ ভিতৰত থকা লক্ষ্য ভেদ কৰাৰ সামৰ্থ্য আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।