প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ১২ বছৰীয়া কাৰ্যকালৰ সুশাসনৰ বাৰ্তা লৈ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই কালি শিৱসাগৰ জিলাৰ ডিমৌত জনসম্পর্ক যাত্রা সম্পন্ন কৰে। যাত্ৰাৰ অংশ হিচাপে শ্রী মাৰ্ঘেৰিটাই শিক্ষা, সাহিত্য আৰু সংস্কৃতিৰ সৈতে জড়িত সমষ্টিটোৰ ছগৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰে। তেওঁ ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ঘনকান্ত গগৈ, ডিমৌ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড° বিপুল গগৈ, হেমচন্দ্র দেৱ গোস্বামী মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ লোহিত শইকীয়া, নৃত্যালয়ৰ অধ্যক্ষা পূবালী ঠেঙাল আৰু প্রাক্তন সেনা বিষয়া কৌশিক চেতিয়াৰ বাসগৃহত গৈ তেওঁলোকক ফুলাম গামোচাৰে সম্বর্ধনা জনায়। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে এই সাক্ষাৎকালত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক পদক্ষেপ তথা প্রধানমন্ত্রী মোদীৰ নেতৃত্বত দেশৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে।
Assamese | June 19, 2026 12:38 PM | Jan Sampark Yatra
ডিমৌত ৰাজ্য মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাৰ জনসম্পর্ক যাত্রা সম্পন্ন