ডিমা হাচাও জিলাৰ হাৰাঙ্গাজাওৰ বৌলচল জলপ্রপাতত কালি সন্ধানহীন হোৱা শিলচৰ এন আই টিৰ অভিযান্ত্রিক বিভাগৰ প্ৰথম বৰ্ষৰ দুগৰাকী ছাত্ৰী আৰু এজন ছাত্ৰৰ ভিতৰত দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এন ডি আৰ এফে ছাত্ৰ-ছাত্ৰীৰ সন্ধানত অভিযান চলাই উত্তৰ প্ৰদেশৰ সৰ্বকৃতিকা সিং আৰু বিহাৰৰ ৰাধিকা নামৰ ছাত্ৰী দুগৰাকীৰ মৃত দেহ উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। পানীত ডুব যোৱা উত্তৰ-প্ৰদেশৰ সৌহার্দ ৰায় এতিয়াও সন্ধানহীন হৈ আছে। আমাৰ সংবাদদাতাই জনোৱা মতে, কালি ছাত্র-ছাত্রীকেইগৰাকী জলপ্রপাতটোলৈ ফুৰিবলৈ যোৱাৰ সময়তে এই অঘটন ঘটে।
Assamese | November 9, 2025 12:04 PM | NIT Student dead body found Dima Hasao
ডিমা হাচাও জিলাৰ হাৰাঙ্গাজাওৰ জলপ্রপাতত সন্ধানহীন এন আই টিৰ দুজন ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ