ডিব্ৰুগড় প্রেছ ক্লাবত ৰাজ্যৰ প্ৰথমগৰাকী ছহীদ সাংবাদিক কমলা শইকীয়াৰ স্মৃতিচাৰণ

ডিব্ৰুগড় প্রেছ ক্লাবত আজি ৰাজ্যৰ প্ৰথমগৰাকী ছহীদ সাংবাদিক কমলা শইকীয়াৰ স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোঁহাঞে আঁত ধৰা অনুষ্ঠানত প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই ছহীদ সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত মাল্যার্পণ তথা বন্তি প্রজ্বলন কৰে।

সত্য আৰু ন্যায়ৰ পক্ষত নির্ভিকভাবে থিয় দিয়া কমলা শইকীয়াৰ আদৰ্শ সাংবাদিক সমাজৰ বাবে প্ৰেৰণাৰ উৎস বুলি সাংবাদিকসকলে মত প্রকাশ কৰে।

ডিব্ৰুগড় প্ৰেছ ক্লাবে কমলা শইকীয়াৰ হত্যা কাণ্ডৰ গোচৰ পুনৰ মুকলি কৰি সমগ্ৰ ঘটনাৰ নিৰপেক্ষ আৰু গভীৰ তদন্তৰ দাবী জনায়। লগতে ছহীদ সাংবাদিকগৰাকীৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ উপৰি সাংবাদিকৰ নিৰাপত্তা আৰু অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰক অধিক দায়িত্বশীল ভূমিকা গ্রহণ কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।