July 19, 2026 12:49 PM | Assam Tea

printer

ডিব্ৰুগড়ত নতুন চাহ নিলাম কেন্দ্র স্থাপন হ’ব

ডিব্ৰুগড়ত শীঘ্রে এটা নতুন চাহ নিলাম কেন্দ্র স্থাপন হ’ব। ভাৰতীয় চাহ পৰিষদৰ উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক কার্যালয়ে ডিব্ৰুগড়ৰ অসম চাহ বজাৰ এল এল পিক চৰকাৰীভাৱে চাহ নিলামৰ ব্যৱসায় চলাই নিবলৈ আনুষ্ঠানিক অনুজ্ঞা পত্ৰ প্ৰদান কৰিছে।

চাহ বিপণন নিয়ন্ত্রণ আদেশ ২০১২ৰ ১২ (২) নম্বৰ ধাৰাৰ অধীনত এই অনুজ্ঞা পত্র প্রদান কৰা হৈছে। এই পদক্ষেপক ডিব্ৰুগড়ৰ চাহ অর্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ সংযোজন হিচাপে গণ্য কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।