ডিব্ৰুগড় বিশ্ববিদ্যালয়ে দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱৰ কালি সামৰণি পৰে। এই মহোৎসৱত ভাৰতৰ লগতে বিশ্বৰ ২৬ খন দেশৰ কমেও ১২০ গৰাকী লেখক, সাহিত্যিকে অংশগ্রহণ কৰে। মহোৎসৱৰ দিনকেইটাত ৪৯ খন আলোচনা সত্ৰ আৰু কেইবাখনো কৰ্মশালা অনুষ্ঠিত হয়। আফ্রিকাক কেন্দ্ৰীয় বিষয় হিচাপে লৈ আয়োজন কৰা এই মহোৎসৱত আফ্ৰিকাৰ কেইবাগৰাকীও লেখকে অংশগ্ৰহণ কৰি ভাষণ দিয়ে। কলা, সাহিত্য আৰু সংস্কৃতি বিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান ফ’কেলৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়খনৰ সহযোগত আয়োজিত এই মহোৎসৱৰ সামৰণি অনুষ্ঠানত কালি বিয়লি বিদেশৰ পৰা অহা লেখকসকলক সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সম্প্রতি অধ্যয়ন কৰি থকা ৪০ গৰাকী বিদেশী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩০ গৰাকী আফ্ৰিকাৰ।
Assamese | February 9, 2025 12:22 PM | International-literature-festival-held-from-Feb-5-in-Dibrugarh-University.j
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱত বিশ্বৰ ২৬ খন দেশৰ কমেও ১২০ গৰাকী লেখক, সাহিত্যিকৰ অংশগ্রহণ