ডিব্ৰুগড় জিলা ক্রীড়া সন্থাই যোৱা ২ জুলাইৰ পৰা খেলুৱৈসকলৰ বাবে আয়োজন কৰা গ্রীষ্মকালীন ৪ দিনীয়া শিবিৰৰ কালি সামৰণি পৰে। খেল পথাৰত এগৰাকী খেলুৱৈয়ে নিজকে মানসিকভাৱে প্ৰস্তুত কৰিবলৈ কেনেধৰণৰ পৰিকল্পনা কৰিব লাগে, সেই বিষয়ে খেলুৱৈসকলক প্ৰশিক্ষণ দিয়া হয়। এই শিবিৰত অসম ক্রিকেট সন্থাৰ স্বীকৃতিপ্রাপ্ত মানসিক শক্তি বৃদ্ধিৰ বিশেষজ্ঞ তথা মনোবিজ্ঞানী ত্রিবেনী ভট্টাচাৰ্য্য সমল ব্যক্তি হিচাপে উপস্থিত থাকে। সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰী প্ৰায় ৭০ গৰাকী খেলুৱৈক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
Assamese | July 6, 2025 1:45 PM | Dibrugarh Sports Association
ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত খেলুৱৈৰ বাবে আয়োজিত গ্রীষ্মকালীন ৪ দিনীয়া শিবিৰৰ সামৰণি