June 7, 2025 10:29 AM | Dibrugarh District

printer

ডিব্ৰুগড় জিলাত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি-নগৰীয়াৰ জিলা স্তৰৰ পৰ্যৱেক্ষণ সমিতিৰ বৈঠক

ডিব্ৰুগড় জিলাত জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি-নগৰীয়াৰ জিলা স্তৰৰ পৰ্যৱেক্ষণ সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম চৰকাৰৰ শক্তি, দক্ষতা বিকাশ, নিয়োগ, উদ্যমিতা, স্বাস্থ্য-শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী প্রশান্ত ফুকন, দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালা, ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী উপস্থিতি থাকে। এই বৈঠকত ডিব্ৰুগড় জিলাত আত্মসহায়ক গোটৰ মহিলা সদস্য সমূহৰ পৰা লাভ কৰা আবেদনসমূহৰ পৰীক্ষণৰ পাছত চূড়ান্ত বুলি বিবেচিত হোৱা আবেদনসমূহ জিলা স্তৰৰ পৰ্যৱেক্ষণ কমিটিয়ে অনুমোদন জনায়। এই বৈঠকত জিলা প্ৰশাসনৰ বহু বিষয়ববীয়া, ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰীৰ দ্বাৰা মনোনিত সদস্যসকল, ডিব্ৰুগড় পৌৰ নিগম তথা চাবুৱা, নাহৰকটীয়া আৰু নামৰূপ পৌৰ সভাৰ কাৰ্যবাহী বিষয়াসকল তথা ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ সামূহিক সংগঠকসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।