June 22, 2025 12:06 PM | Dibrugarh District

printer

ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ সভাপতিত্বত জিলা ভূমি উপদেষ্টা সমিতি আৰু সমজিলা ভূমি উপদেষ্টা সমিতিৰ বৈঠক

ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত জিলা ভূমি উপদেষ্টা সমিতি আৰু সমজিলা ভূমি উপদেষ্টা সমিতিৰ এখন বৈঠক কালি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ অধীনত বিভিন্ন ধর্মীয় অনুষ্ঠান-প্রতিষ্ঠান, চৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ তথা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত চৰকাৰী ভূমি আৱণ্টনৰ বাবে লাভ কৰা ৪৩৬ খন প্রতিবেদন পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি যোগ্য বিবেচিত প্রতিবেদনসমূহ অনুমোদন জনোৱা হয়৷ বৈঠকত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, দুলীয়াজান, নাহৰকটীয়া, টিংখাং আৰু খোৱাং সমজিলাৰ আয়ুক্তকে ধৰি কেইবাটাও পৌৰসভাৰ পৌৰপতিসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।