September 14, 2026 1:25 PM | Death

printer

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডা০ নাৰায়ণ উপাধ্যায়ৰ দেহাৱসান

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট স্নায়ুৰোগ বিশেষজ্ঞ ডা০ নাৰায়ণ উপাধ্যায়ৰ কালি বিয়লি চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নায়ুৰোগ বিভাগৰ মুৰববী চিকিৎসক হিচাপে অৱসৰ গ্রহণ কৰা ডা০ উপাধ্যায় সাহিত্য, দৰ্শন, সংস্কৃত আৰু ভাৰতীয় আধ্যাত্মিক চিন্তাৰ প্ৰতি গভীৰ আগ্ৰহী আছিল। এগৰাকী জনপ্ৰিয় চিকিৎসক তথা সুবক্তা হিচাপে পৰিচিত ডা০ উপাধ্যায় বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ সৈতেও জড়িত আছিল। তেওঁৰ মৃত্যুত সাংস্কৃতিক মন্ত্রী বিমল বৰাকে ধৰি বিভিন্ন অনুষ্ঠান- প্রতিষ্ঠানে শোক প্রকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।