June 13, 2026 6:58 PM | Sarbananda Sonowal

printer

ডিব্ৰুগড়ত প্রবুদ্ধ নাগৰিক সন্মিলনত সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত প্রবুদ্ধ নাগৰিক সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশত বিগত ১২ বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা বিকাশ আৰু উন্নয়নৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, যে নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত যোৱা ১২ বছৰত দেশে উন্নয়ন, আত্মবিশ্বাস, সু-শাসন আৰু জনকল্যাণৰ নতুন অধ্যায়ৰ সূচনা কৰিছে। এই যাত্রাই দেশখনক বিশ্ব মঞ্চত শক্তিশালী আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা বুলি তেওঁ মন্তব্য কৰে ।      

এই সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম, বিধায়ক প্রশান্ত ফুকন, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ আৰু কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।