ৰাষ্ট্ৰীয় ই-গৰ্ভনেন্স বিভাগে নাগৰিকসকলক বিস্তৃত চৰকাৰী সেৱাৰ সুবিধা প্ৰদান কৰিবলৈ ডিজি লকাৰৰ সৈতে উমং এপ সংযুক্ত কৰাৰ কথা ঘোষণা কৰিছে। ইলেকট্ৰনিকছ আৰু আই টি মন্ত্ৰ্যালয়ে কয় যে, এই সহযোগিতাই ব্যৱহাৰকাৰীসকলক একক প্লেটফৰ্মৰ জৰিয়তে একাধিক সেৱা পৰিচালনা কৰিবলৈ সুবিধা প্রদান কৰিব। মন্ত্ৰ্যালয়ে আৰু কৈছে যে, সকলো এণ্ড্ৰইড ব্যৱহাৰকাৰীয়ে উমং এপটো ডিজি লকাৰ এপৰ জৰিয়তে লাভ কৰিব পাৰিব। মন্ত্ৰ্যালয়ে কৈছে যে, ডিজি লকাৰ হৈছে ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত অত্যাৱশ্যকীয় নথি পত্ৰৰ সুৰক্ষিত ক্লাউড বেছ সংৰক্ষণ প্ৰদান কৰা এটা ফ্লেগশ্বিপ পদক্ষেপ। উমং এপে কেন্দ্ৰীয়ৰ পৰা স্থানীয় সকলো সংস্থালৈকে ভাৰতীয় পান ই গভ সেৱাৰ বাবে একক মঞ্চ প্ৰদান কৰি আহিছে।
Assamese | October 10, 2024 11:59 AM | Umang App
ডিজি লকাৰৰ সৈতে উমং এপ সংযুক্তৰ কথা ঘোষণা ৰাষ্ট্ৰীয় ই-গৰ্ভনেন্স বিভাগৰ