বিদেশী বিনিয়োগকাৰীয়ে চলিত মাহৰ প্ৰথম দুসপ্তাহত ভাৰতীয় মূলধনী বজাৰত প্ৰায় ২৮ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। তথ্য অনুসৰি বিদেশী প্রতিষ্ঠানগত বিনিয়োগকাৰীয়ে ভাৰতৰ ইকুইটি বজাৰত ২২,৭৬৬ কোটি টকা আৰু ঋণৰ বজাৰত ৪,৮১৪ কোটি টকা বিনিয়োগ কৰিছে। বিদেশী বিনিয়োগকাৰীসকলে যোৱা মাহত ২১,৬১২ কোটি আৰু অক্টোবৰ মাহত ৯৪,০১৭ কোটি টকা ওভতাই লৈছিল। উল্লেখযোগ্য যে চেপ্তেম্বৰ মাহত ৯ মাহৰ ভিতৰতে সৰ্বাধিক ৫৭,৭২৪ কোটি টকাৰ বিদেশী প্রতিষ্ঠানগত বিনিয়োগ হৈছিল। চলিত বছৰৰ এই পৰ্যন্ত ভাৰতীয় মূলধনী বজাৰত বিদেশী বিনিয়োগকাৰীয়ে ১ লাখ ২০ হাজাৰ কোটি টকাৰো অধিক বিনিয়োগ কৰিছে।
Assamese | December 15, 2024 9:02 PM | foreign investment
ডিচেম্বৰ মাহৰ প্ৰথম দুসপ্তাহত ভাৰতীয় মূলধনী বজাৰত বিদেশী বিনিয়োগকাৰীৰ প্ৰায় ২৮ হাজাৰ কোটি টকা বিনিয়োগ