কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে আজি ডাভ’ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চত আই বি এমৰ মুখ্য কাৰ্যবাহী বিষয়া অৰবিন্দ কৃষ্ণ আৰু মেটাৰ মুখ্য আন্তৰ্জাতিক পৰিক্ৰমা বিষয়া জুৱেল কালানক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বই ভাৰতক গোলকীয় উদ্ভাৱনৰ মূল চালিকাশক্তি হিচাপে প্ৰশংসা কৰে। শ্ৰীবৈষ্ণৱে কয় যে কৃত্রিম বুদ্ধিমত্তাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ইতিমধ্যে ৭০ বিলিয়ন ডলাৰৰ বিনিয়োগ নিশ্চিত হৈছে আৰু অহা এবছৰৰ ভিতৰত আৰু ৫০ বিলিয়ন ডলাৰ বিনিয়োগৰ সম্ভাৱনা আছে। ভাৰতত এতিয়া প্রায় ২ লাখ ষ্টার্টআপ আছে আৰু ষ্টার্টআপৰ ক্ষেত্ৰত আগবাঢ়ি থকা দেশসমূহৰ ভিতৰত ভাৰত শীর্ষ তিনিটা স্থানৰ ভিতৰত আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। যোৱাটো দশকৰ পৰা প্ৰযুক্তিগত দিশৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে লগতে কয়।
Assamese | January 21, 2026 9:27 PM | sswini baishnav
ডাভ’ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ অধিবেশনত বিশ্বই ভাৰতক গোলকীয় উদ্ভাৱনৰ মূল চালিকাশক্তি হিচাপে প্ৰশংসা কৰে বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মন্তব্য