কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰতীয় ডাক বিভাগৰ স্পীড পোষ্ট 24 আৰু স্পীড পোষ্ট 48 নামৰ দুটা নতুন সেৱাৰ কথা ঘোষণা কৰিছে। এই সেৱাৰ জৰিয়তে ২৪ আৰু ৪৮ ঘণ্টাৰ ভিতৰত সুৰক্ষিতভাৱে নিৰ্দিষ্ট স্থানত প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। শ্রীসিন্ধিয়াই কালি মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ পিচৰত এই কথা ঘোষণা কৰে। এই পদক্ষেপ ডাকসেৱাৰ আধুনিকীকৰণৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। এই উপলক্ষে শ্রীসিন্ধিয়াই কয়, যে এই সেৱাই সময়ানুৱৰ্তিতা, নিৰ্ভৰযোগ্যতা আৰু দ্রুত সেৱাৰ নতুন মান নিৰ্ধাৰণ কৰিব।
Assamese | January 11, 2026 11:16 AM | India Post
ডাক বিভাগৰ স্পীড পোষ্ট 24 আৰু স্পীড পোষ্ট 48 নামৰ দুটা নতুন সেৱাৰ কথা ঘোষণা