October 4, 2026 8:16 PM | Dr jitrandra singh

printer

ডাঃ জীতেন্দ্ৰ সিঙৰ অধ্যক্ষতা কাইলৈ নতুন দিল্লীত সপ্তদশ পেন্সন আদালত

কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি আৰু পেন্সন দপ্তৰৰ মন্ত্ৰী ডাঃ জীতেন্দ্ৰ সিঙে কাইলৈ নতুন দিল্লীত সপ্তদশ পেন্সন আদালতত অধ্যক্ষতা কৰিব। কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি আৰু পেন্সন মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে জ্যেষ্ঠ পেন্সনাৰ আৰু পেন্সনভোগী পৰিয়ালসমূহৰ ৮৯৭টা দীৰ্ঘদিনীয়া ওজৰ-আপত্তিৰ গোচৰ নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হ’ব। মন্ত্ৰালয়ে প্রকাশ কৰা মতে ডাঃ সিঙে চলিত বছৰৰ ১৩ মেত অনুষ্ঠিত ষোড়শ পেন্সন আদালতৰ সফলতাৰ বিষয়ে বর্ণিত প্ৰচাৰপত্ৰিকা মুকলি কৰিব। এই অনুষ্ঠানতে পেন্সনভোগী পৰিয়ালসমূহে সন্মুখীন হোৱা বিভিন্ন বিষয় সাঙুৰি এখন পুস্তিকাও মুকলি কৰা হ’ব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পেন্সন আদালতত ২৮ হাজাৰ ৭৯৭টা ওজৰ-আপত্তিৰ গোচৰৰ ভিতৰত ২০ হাজাৰ ৬৭৬টা থিতাতে নিষ্পত্তি কৰা হৈছে। ২০১৭ চনত এই আদালত আৰম্ভ হোৱাৰ পৰা ১৬টা সংস্কৰণত লাভ কৰা সফলতাৰ হাৰ ৭১ দশমিক ৭-৯ শতাংশ বুলি মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।