দক্ষিণ নগাঁও বন বিভাগ আৰু হোজাই জিলা প্ৰশাসন ডবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ বাবে সাজু হৈছে। এই অভিযানৰ প্ৰথম পৰ্যায়ত যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চলৰ উদমাৰী টংঙীয়া গাঁৱত উচ্ছেদ চলোৱা হ’ব।
বন বিভাগে এই সংক্ৰান্তত কালি অঞ্চলটোৰ ৫০ পৰিয়াললৈ চূড়ান্ত জাননী জাৰি কৰে। এই পৰিয়ালসমূহক ১৫ দিনৰ ভিতৰত সংৰক্ষিত বনাঞ্চল ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যিসকলৰ হাতত ভূমিৰ কোনো বৈধ নথিপত্র আছে, তেওঁলোকক এসপ্তাহৰ ভিতৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত এই নথি দাখিল কৰিবলৈ কোৱা হৈছে।
নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বৈধ নথি দাখিল কৰিব নোৱাৰিলে আইনী ব্যৱস্থাৰে উচ্ছেদ কৰা হ’ব বুলি জাননীত উল্লেখ কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ৯ জুলাইৰ পাছত দ্বিতীয় পৰ্যায়ত সংৰক্ষিত বনাঞ্চলত বাস কৰি থকা আন ১৫২টা পৰিয়ালকো উচ্ছেদ কৰা হ’ব।
উল্লেখযোগ্য যে জানুৱাৰীত চলা উচ্ছেদ অভিযানৰ সময়ত এই পৰিয়ালকেইটাক সাময়িকভাৱে উচ্ছেদৰ আওঁতাৰ বাহিৰত ৰখা হৈছিল। সেই সময়ত সর্বোচ্চ ন্যায়ালয়ত বিষয়টো বিচাৰাধীন হৈ থকা বাবে প্ৰশাসনে উচ্ছেদ স্থগিত ৰাখিছিল। কিন্তু বৰ্তমান কোনো আইনী বাধা নথকাৰ পৰিপ্ৰেক্ষিতত বন বিভাগ সম্পূর্ণ সংৰক্ষিত বনাঞ্চলখন দখলমুক্ত কৰাৰ লক্ষ্যৰে আগবাঢ়িছে।