ডিব্ৰুগড় জিলাৰ টেঙাখাটৰ অইল ইণ্ডিয়া লিমিটেডৰ আই টি এফত কালি সংঘটিত অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৩ লৈ বৃদ্ধি পাইছে। কালি পুৱা অইলৰ ইণ্টাৰমিডিয়েট টেংক ফার্ম চমুকৈ আই টি এফত মেৰামতিৰ কাম চলি থকাৰ সময়তে খাৰুৱা তেল ভর্তি এটা টেংকত অগ্নিসংযোগ ঘটি বিস্ফোৰণ হয়। বিস্ফোৰণৰ ফলত মুহূর্ততে চৌহদটো জুইয়ে আগুৰি ধৰে। টেংক ফাৰ্মৰ স্থায়ী অগ্নিনির্বাপক ব্যৱস্থাৰ লগতে অইলৰ অগ্নিনির্বাপক সেবা বিভাগকে ধৰি মুঠ ১১ খন অগ্নি নির্বাপক বাহনৰ প্ৰচেষ্টাত দুপৰীয়ালৈ জুই নিয়ন্ত্ৰণ কৰা হয়। ঘটনাত মৃত্যু হোৱা এগৰাকী কৰ্মচাৰী টেঙাখাট বৰদলনি গাঁৱৰ ৰাজু দত্ত বুলি জানিব পৰা গৈছে। আনহাতে, গুৰুতৰভাৱে আহত তাপস গগৈৰ কালি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। আমালৈ অহা খবৰ অনুসৰি এই দুর্ঘটনাত গুৰুতৰভাবে আঘাতপ্রাপ্ত ৰূপম গোহাঁই নামৰ আন এজন লোকৰ কিছু সময়ৰ পূৰ্বে মৃত্যু হৈছে। ইতিমধ্যে অগ্নিকাণ্ডত আহতসকল অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু অইল হাস্পতালত চিকিৎসাধীন হৈ আছে।
এই অগ্নিকাণ্ড সন্দর্ভত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে গভীৰ উদ্বেগ প্রকাশ কৰিছে। শ্রী সোণোৱালে ঘটনা সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়াৰ সৈতে কথা পাতে আৰু আহতসকলৰ উন্নত চিকিৎসা সুনিশ্চিত কৰিবলৈ আহ্বান জনায়। মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে চিকিৎসালয়লৈ গৈ এই ঘটনাত আহতসকলৰ স্বাস্থ্যৰ বুজ লয়।