ভাৰতীয় জনতা যুৱ মৰ্চা আৰু চাহ জনগোষ্ঠী মৰ্চাৰ টিংখাং, লেঙেৰী, আৰু মৰাণ মণ্ডল কমিটিৰ উদ্যোগত চলিত বছৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তিৰ পৰীক্ষাৰ বাবে আবেদন কৰা যুৱক- যুৱতীসকলৰ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতিৰ কৰ্মশালা আজি আৰম্ভ হৈছে। অঞ্চলটোৰ ৭ টা স্থানত আজি আয়োজিত কর্মশালা উদ্যোগ মন্ত্ৰী বিমল বৰাই উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত অংশ লৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ব্যক্তিসকলৰ এই অনুষ্ঠানত অংশগ্রহণ দেখি সন্তুষ্টি প্ৰকাশ কৰে। ভৱিষ্যত জীৱনত সফলতাৰে অগ্ৰসৰ হোৱাৰ দিশত এই কাৰ্যসূচীয়ে তেওঁলোকক সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
Assamese | August 18, 2024 7:38 PM | Bimal Borah
টিংখাং, লেঙেৰী আৰু মৰাণত যুৱক-যুৱতীসকলৰ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতিৰ কৰ্মশালা