October 29, 2026 12:17 PM | twang festival

printer

টাৱাঙত আজিৰে পৰা ৩১ অক্টোবৰলৈ চতুৰ্দশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আয়োজন

অৰুণাচল প্ৰদেশৰ টাৱাঙত আজিৰে পৰা ৩১ অক্টোবৰলৈ চতুৰ্দশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আয়োজন কৰা হৈছে। পর্যটন মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পর্যটন কেন্দ্র হিচাপে প্ৰসাৰৰ লক্ষ্যৰে এই মেলাৰ আয়োজন কৰিছে। মেলাত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পর্যটন অংশীদাৰসকলে উত্তৰ-পূৰ্বাঞ্চলৰ বিচিত্ৰ পৰ্যটন সম্ভাৱনা প্ৰদৰ্শনৰ লগতে ব্যৱসায় অংশীদাৰিত্ব শক্তিশালী কৰিব। মেলাৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট, কেন্দ্ৰীয় পৰ্যটন আৰু পেট্ৰ’লিয়াম তথা প্রাকৃতিক গেছ দপ্তৰৰ ৰাজ্য মন্ত্ৰী সুৰেশ গোপী আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু উপস্থিত থাকিব। উদ্বোধনী অনুষ্ঠানত উত্তৰ-পূবৰ চহকী সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব। উল্লেখযোগ্য যে পর্যটন মন্ত্রালয়ে আয়োজন কৰি অহা এই আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা এটা বাৰ্ষিক অনুষ্ঠান। এই মেলাই পৰ্যটন, ব্যৱসায়, উদ্যোগী, ট্যুৰ অপাৰেটৰ্ছ, চৰকাৰী সংস্থা, সংবাদ মাধ্যম আৰু অন্যান্য অংশীদাৰীসকলক পর্যটন সম্পৰ্কীয় সুবিধাসমূহ প্ৰদান কৰাৰ এখন মঞ্চ হিচাপে ভূমিকা গ্ৰহণ কৰি আহিছে। এই মেলাত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্রেতা-বিক্রেতাকে ধৰি ২০০তকৈও অধিক অংশগ্ৰহণকাৰীয়ে অংশ ল’ব। মেলাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ পৰ্যটনস্থলী আৰু এই ৰাজ্যসমূহত থলুৱাভাৱে উৎপাদিত, নির্মিত সা-সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।