ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ বিয়োগত গভীৰ শোকপ্রকাশ কৰিছে। এক্সৰ এটা পোষ্টত নেতান্যাহুৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্বোধন কৰি ভাৰতলৈ টাটাৰ অৱদান আৰু ভাৰত-ইজৰাইলৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ লগতে টাটাৰ পৰিয়াললৈও গভীৰ সমবেদনা জ্ঞাপন কৰে। ভাৰতত থকা জাৰ্মানীৰ ৰাষ্ট্রদূত ফিলিপ- একাৰমেনে টাটাক এগৰাকী চমৎকাৰী ব্যক্তি তথা উদ্যোগপতি বুলি অভিহিত কৰে। ইপিনে, ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্রদূত এৰিক গাৰচেটিয়ে টাটাৰ প্ৰভাৱ সন্দৰ্ভত আলোকপাক কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্র’ই টাটাৰ বিয়োগত শোকপ্ৰকাশ কৰি কয় যে,- টাটাৰ নেতৃত্বই ভাৰত আৰু ফ্ৰান্স উভয় দেশৰে উদ্যোগখণ্ডত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। তেওঁ লগতে টাটাৰ মানৱতাবোধৰ আদৰ্শৰ লগতে সমাজৰ উন্নয়নৰ হকে তেওঁৰ জীৱনজোৰা প্ৰতিশ্ৰুতিবদ্ধতাৰ শলাগ লয় ।
Assamese | October 13, 2024 11:38 AM | Ratan Tata Condolence
টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ বিয়োগত বিভিন্ন দেশৰ নেতাৰ গভীৰ শোক প্রকাশ