টাইৱান এথলেটিক্স অ’পেন প্ৰতিযোগিতাত ভাৰতৰ অংকেশ চৌধুৰীয়ে পুৰুষৰ ৮০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰাৰ লগতে সোমনাথ চৌহানে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। অংকেশে এক মিনিট আৰু ৫০ দশমিক ৬-৩ ছেকেণ্ডত এই দূৰত্ব অতিক্ৰম কৰি সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে সোমনাথে এক মিনিট আৰু ৫০.৮৮ ছেকেণ্ডত এই দূৰত্ব অতিক্ৰম কৰে। একেটা শিতানত ফিলিপাইনছৰ হুছেইন ল’ৰানাই ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে মহিলাৰ লং জাম্প শিতানত ভাৰতৰ নয়না জেমছে সোণৰ পদক অৰ্জন কৰে। খেলুৱৈ গৰাকীয়ে ৬.৪৩ মিটাৰ ওখ জাপ মাৰি এই কৃতিত্ব অৰ্জন কৰে। এই শিতানত জাপানৰ চুমিৰে হাতাই ৰূপ আৰু দক্ষিণ কোৰিয়াৰ জেয়ংমিয়ে ব্ৰঞ্জৰ পদক লাভ কৰে।
Assamese | June 2, 2024 9:01 PM | Taiwan Athletics
টাইৱান এথলেটিক্স অ’পেনত ভাৰতৰ অংকেশ চৌধুৰীৰ পুৰুষৰ ৮০০ মিটাৰ দৌৰত সোণৰ পদক লাভ