বৰাক উপত্যকাৰ তিনিখন জিলাৰ পৰা যোৱা ২৪ ফেব্ৰুৱাৰীত ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণ কৰা শিল্পীসকলক আজি সম্বর্ধনা জনোৱা হয়। শিলচৰৰ বংগ ভৱনত এই উপলক্ষে আয়োজিত এটা কাৰ্যসূচীত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই হাইলাকান্দি, শ্রীভূমি আৰু কাছাৰ জিলাৰ মুঠ ৩৩১ গৰাকী শিল্পী, মূল প্রশিক্ষক আৰু বিশেষজ্ঞ সমিতিৰ সদস্যক প্ৰশংসা পত্ৰ আৰু মাননি প্ৰদান কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰী বৰাই কয়, যে ঝুমইৰ নৃত্য হৈছে চাহ জনগোষ্ঠীয় আৰু আদিবাসী সমাজৰ চহকী ঐতিহ্য তথা অসমৰ সম্পদ। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত যোৱা ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত ঝুমইৰ বিনন্দিনী অনুষ্ঠানে অসমৰ চাহ বাগিচাৰ ২০০ বছৰীয়া ঐতিহ্যক বিশ্ব দৰবাৰত পৰিচিত কৰিলে বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। আজিৰ অনুষ্ঠানত বৰাক উপত্যকাৰ উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
Assamese | November 2, 2025 7:25 PM | Jumoir Felicitation
ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণ কৰা শিল্পীসকললৈ সম্বর্ধনা