ঝাৰখণ্ড মুক্তি মৰ্চা জে এম এমৰ কাৰ্যবাহী সভাপতি হেমন্ত চোৰনে অহা দেওবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চম্পাই চোৰনে কালি হেমন্ত চোৰেন পুনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ প্ৰশস্ত কৰি ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ পাছতে হেমন্ত চোৰনে নতুন চৰকাৰ গঠন কৰাৰ বাবে দাবী উত্থাপন কৰে। হেমন্ত চোৰনে ভূমি কেলেংকাৰী সম্পৰ্কীয় কলা ধন বৈধকৰণৰ গোচৰত বিধি বলৱৎকাৰী সঞ্চালকালয়ে যোৱা ৩১ জানুৱাৰীত গ্ৰেপ্তাৰ কৰাৰ কেইঘণ্টা মান পাছতেই পদত্যাগ কৰিছিল। জে এম এম, কংগ্ৰেছ আৰু আৰ জে ডিক লৈ গঠিত আই এন ডি আই মিত্ৰজোঁটৰ বিধায়কসকলৰ বৈঠকত কালি হেমন্ত চোৰেনক পুনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়।
Assamese | July 4, 2024 1:12 PM | Hemant Soren
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে অহা দেওবাৰে হেমন্ত চোৰনৰ শপতগ্ৰহণ